আপুনি ঋতুস্ৰাৱৰ সময়ত বিষত ভুগিছে নেকি? ইনষ্টাত ফিটনেছ প্ৰশিক্ষক অনুষ্কাৰ পৰামৰ্শ

নাৰী সমাজক প্ৰকৃতিয়ে অনুপম উপহাৰ প্ৰদান কৰিছে। নাৰীয়ে সন্তান জন্ম দিয়াৰ বৰদান লাভ কৰিছে৷ এগৰাকী নাৰীৰ দেহৰ পৰা প্ৰায় ১২ বছৰমান বয়স হোৱাৰ লগে লগে কিছু পৰিৱৰ্তনে দেখা যায়। এই সময়ছোৱাৰ পৰা নাৰীৰ প্ৰথম মাহেকীয়া বা ঋতুস্ৰাৱ হ’বলৈ আৰম্ভ হয়। ৫০-৫৫ বছৰমানলৈ ঋতুস্ৰাৱ প্ৰক্ৰিয়া চলি থাকে আৰু নাৰীৰ সন্তান জন্ম দিব পৰা ক্ষমতা অটুট থাকে।
কিন্তু ঋতুস্ৰাৱৰ দিনকেইটাত নাৰীয়ে অস্বস্তিত কটাবলগীয়া হয়। ঋতুস্ৰাৱৰ সময়ত বিষ আৰু শাৰীৰিক সমস্যা অনুভৱ কৰে৷ বিশেষকৈ পেটৰ বিষ, কঁকালৰ বিষ, বমি অহা, খাবলৈ অনিচ্ছাই দেখা দিয়ে। খোজ কঢ়াক কষ্ট পায়৷ দৈনন্দিন কামতো প্ৰভাৱ পৰে। ঋতুস্ৰাৱৰ বিষ পৰিহাৰ কৰিবলৈ বহুলোকে ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰি সেৱন কৰে৷ কিন্তু জনপ্ৰিয় ফিটনেছ প্ৰশিক্ষক অনুষ্কা পাৰৱানীয়ে সৰল সমাধান দিয়ে। অনুষ্কা পাৰৱানীয়ে ইনষ্টাগ্ৰামত ভিডিঅ’ তৈয়াৰ কৰি এই বিধান দিয়ে৷
অনুষ্কা পাৰৱানীৰ মতে, বহু মহিলাই কম বেছি পৰিমাণে ঋতুস্ৰাৱৰ বিষত ভোগে। দৰাচলতে এই সমস্যাৰ কোনো দ্ৰুত সমাধান নাই। কিছু দৈনন্দিন অভ্যাসে বিষ নিয়ন্ত্ৰণত ৰাখিব পাৰে। তাৰে এটা হ’ল সুস্থ শৰীৰ নিৰ্মাণ। ব্যায়াম কৰি ঋতুস্ৰাৱৰ সময়ত হোৱা বিষৰ পৰা আঁতৰি থাকিব পাৰি৷ যেনে যোগ আসনৰ ওপৰত নিৰ্ভৰ কৰিব পাৰি। বহু নাৰীয়ে এই বিষৰ পৰা সকাহ পাবলৈ ব্যায়াম কৰে। অৱশ্যে কোনবোৰে ব্যায়াম কৰিব লাগে বহুলোকে সঠিকভাৱে নাজানে।
আঁঠু বেঁকা কৰি গোৰোহাৰ ওপৰত বহাৰ পৰামৰ্শ দিয়ে। শৰীৰ বেঁকা কৰক। শৰীৰটো এনেদৰে বেঁকা কৰক যাতে বুকুখন উৰুলৈ যায়। আপোনাৰ মুৰটো কান্ধৰ ওপৰত ৰাখক আৰু আপোনাৰ হাত আগলৈ আগবঢ়াওক।
প্ৰথমে পোনহৈ পিঠি ওপৰ কৰি শুই যাওক। তাৰ পিছত আঁঠু বেঁকা কৰক আৰু যিমান সম্ভৱ ভৰি পিঠিত আনিবলৈ প্ৰয়াস কৰক। এইবাৰ, দুয়োখন হাত পিছলৈ লৈ যাওঁক আৰু গোৰোহাৰ ওপৰত টানকৈ ধৰক। আপোনাৰ ভৰি মুৰৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰক। এই ভঙ্গীত বুকু, আঁঠু আৰু উৰু ওপৰলৈ আহিব। আপোনাৰ পেট মজিয়াত ৰাখক আৰু ওপৰলৈ চাওক। স্বাভাৱিক উশাহ-নিশাহৰ সৈতে এই ভংগীমাত ২০ ৰ পৰা ৩০ ছেকেণ্ডৰ বাবে থাকিব। তাৰ পিছত আগৰ ভঙ্গীলৈ ঘূৰি যাওক।
প্ৰথমে শুই থাকক আৰু দুয়োখন হাত মুৰৰ দুয়োফালে ওপৰলৈ ৰাখক। ভৰি দুখন একেলগে কৰক। এইবাৰ লাহে লাহে বহক আৰু আগলৈ হেলান দিয়ক আৰু দুয়োখন হাতেৰে দুয়োখন ভৰিৰ বুঢ়া আঙুলি স্পৰ্শ কৰক। কপালখন দুয়োখন ভৰিৰ ওপৰত ধৰি ৰাখক। আঁঠু ভাঁজ নকৰাকৈ পেট আৰু বুকু উৰুলৈ ঠেলি দিয়ক। কিছু সময় এই ভঙ্গীত থকাৰ পিছত লাহে লাহে স্বাভাৱিকলৈ ঘূৰি আহক। এনে পৰামৰ্শ প্ৰদান কৰিছে অনুষ্কা পাৰৱানীৰ৷