Local, Vocal, Global

আত্মনিৰ্ভৰশীল ভাৰত গঢ় দিয়াৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ অৰ্থব্যৱস্থা মূল ভেঁটি-নৰেন্দ্ৰ মোডী

গুৱাহাটী,২ ফ্ৰেব্ৰুৱাৰীঃ ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ দেশ হিচাপে গঢ় দিয়াৰ সংকল্প উদ্দেশ্য আগত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল পদ্ধতিৰে আজি সমগ্ৰ দেশবাসীক সম্বোধন কৰে।এই উপলক্ষ্যে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে অসমতো সফলভাৱে ভাৰ্চুৱেল সভা অনুষ্ঠিত হৈ যায়।অনুষ্ঠানত নৰেন্দ্ৰ মোডীয়ে যোৱাকালি বাজেটত উত্থাপন হোৱা বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় পৰ্যালোচনা কৰি দেশবাসীক উদ্দ্যেশ্যি বক্তব্য ৰাখে।
                  উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিজেপি অসম প্ৰদেশৰ উদ্যোগত দলৰ মুখ্য কাৰ্যালয়ৰ ৰাজ্যিক সমাপতি ভৱেশ কলিতা,মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,সাংগাঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় পুলক গোঁহাই আৰু দীপুৰঞ্জন শৰ্মাৰ লগতে ৰাজ্যিক বিষয়ববীয়া আৰু দলৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত ভাৰ্চুৱেল সভা অনুষ্ঠিত হৈ যায়।এই উপলক্ষ্যে ৰাজ্যিক বিজেপিৰ যুৱমৰ্চাৰ উদ্যোগত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগ, ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰ উপস্থিত থাকে।ঠিক একেদৰে বিজেপি অসম প্ৰদেশৰ কিষান মৰ্চা,চাহ মৰ্চা, অনুসূচীত জাতি মৰ্চা,অনুসূচীত জনজাতি মৰ্চা,অ বি চি মৰ্চা,সংখ্যালঘু মৰ্চাৰ উদ্যোগত ৰাজ্যৰ ভিন ভিন অঞ্চলত আৰু ৰাজ্যিক বিজেপিৰ ৪০খন সাংগঠনিক জিলাৰ মুখ্য কাৰ্যালয়ত সফলভাৱে উক্ত ভাৰ্চুৱেল সভা আয়োজিত হৈ যায়