Local, Vocal, Global

আগন্তুক গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত বিশেষ সভা

গুৱাহাটী,৪ ফ্ৰেব্ৰুৱাৰীঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত আগন্তুক গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন)ড° ধ্ৰুৱজ্যোতি হাজৰিকা,পৌৰ সচিব আদিত্য গগৈ, গুৱাহাটী আৰু দিছপুৰ ৰাজহ চক্ৰ বিষয়া তথা অন্যান্য সংশ্লিষ্ট বিষয়াসকল তথা থকা এই সভাত ভোটাৰ তালিকা প্ৰস্তুতকৰণ, আসন সংৰক্ষণ,ই ভি এম মজুতকৰণ আদি বিভিন্ন বিষয়ে আলোচনা কৰা হয়।উল্লেখ্য যে অহা ১১ ফ্ৰেব্ৰুৱাৰীত পৌৰনিগমৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পিছত এই সম্পৰ্কে কিবা আপত্তি থাকিলে ভোটাৰসকলে ১৮ ফ্ৰেব্ৰুৱাৰীলৈকে আপত্তি জনাব পাৰিব। সকলো আপত্তি ২৫ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত নিষ্পতি কৰাৰ পিছত ৫ মাৰ্চত প্ৰকাশ পাব পৌৰ নিগমৰ চূচান্ত ভোটাৰ তালিকা। আনহাতে ভোটাৰৰ সুবিধাৰ্থে সভাত উপায়ুক্তগৰাকীয়ে পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কীয় এক এপৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে।