আকৌ ৰাজপথত বহাৰ হুংকাৰ বিধায়ক অখিল গগৈৰ

নিউজ ডেস্ক, ১৮ ফ্ৰেব্ৰুৱাৰীঃ চৰকাৰৰ বিৰুদ্ধে পুনৰ ৰাজপথত বহাৰ হুংকাৰ দিয়ে বিধায়ক অখিল গগৈয়ে। শুকুৰবাৰে টীয়কত ৰাইজৰ দলৰ সদস্য সকলৰ সৈতে মত বিনিময় অনুষ্ঠানত উপস্থিত থাকি বিধায়ক অখিল গগৈয়ে পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে।
উল্লেখ্য যে, বৰ্তমানৰ ৰাজ্য চৰকাৰে ১ লাখ নিবনুৱাক চাকৰি দিব নোৱাৰাক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। লগতে তেঁও কয় যে, যদিহে ১ মাৰ্চৰ ভিতৰত ১ লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদানত ব্যৰ্থ হয় তেন্তে ১ মাৰ্চৰ পৰা ৰাজপথত বহাৰ হুংকাৰ দিয়ে বিধায়ক অখিল গগৈয়ে।