Local, Vocal, Global

অস্কাৰৰ বাবে মনোনীত ‘ৰাইটিং উইথ ফায়াৰ’ নামৰ ভাৰতীয় চলচ্চিত্ৰ

নিউজ ডেস্ক,১০ ফেব্ৰুৱাৰী: ভাৰতীয় চলচ্চিত্ৰ জগতৰ বাবে সুখবৰ। ৯৪তম একাডেমী বঁটাত শ্ৰেষ্ঠ তথ্যচিত্ৰ ফিচাৰ শাখাত নিৰ্বাচিত ভাৰতীয় তথ্যচিত্ৰ “ৰাইটিং উইথ ফায়াৰ”। দিল্লীস্থিত চলচ্চিত্ৰ নিৰ্মাতা ৰিন্টু থমাছ আৰু সুস্মিতা ঘোষৰ দ্বাৰা পৰিচালিত “ৰাইটিং উইথ ফায়াৰ” চলচ্চিত্ৰ খনে একাডেমী বঁটাৰ তালিকাত অন্তিম পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে, এই শ্ৰেণীত প্ৰৱেশ কৰা এইখনে হৈছে ভাৰতৰ প্ৰথমখন তথ্যচিত্ৰ।
ডিচেম্বৰ মাহত, ১৫ খন চলচ্চিত্ৰৰ ভিতৰত অস্কাৰৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল ‘ৰাইটিং উইথ ফায়াৰ’ ।লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া একাডেমী বঁটা প্ৰদান অনুষ্ঠানটো ২৭ মাৰ্চত টেলিভিচনত সম্প্ৰচাৰিত হ’ব।