Local, Vocal, Global

অসম জাতীয় পৰিষদৰ উদ্যোগত কেন্দ্ৰীয় মে-ডাম-মে-ফিৰ উদযাপন

সোণাৰি , ৩১ জানুৱাৰী : অসমীয়া জাতিক নানা সাংস্কৃতিক উপাদানেৰে চহকী কৰি থৈ যোৱাৰ লগতে অসমীয়া জাতিসত্বাক বিশ্ববাসীৰ ওচৰত যিসকল মহান মনিষীয়ে জাতি হিচাপে চিনাকি দিব পৰাকৈ গঢ়ি থৈগ’ল সেই মহান উপৰি পুৰুষ সকদৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি অসম জাতীয় পৰিষদে আজি চৰাইদেউ জিলাৰ নিজ খালৈঘোগোৰা অঞ্চলত প্ৰথমবাৰৰ বাবে আজি কেন্দ্ৰীয় মে-ডাম-মে-ফিৰ উদযাপন কৰিছে বুলি সংবাদ মাধ্যমৰ আগত বক্তব্য আগবঢ়াই পৰিষদৰ কেন্দ্ৰীয় সভাপতি লুৰিনজ্যোতি গগৈয়ে।

উল্লেখযোগ্য যে আজি ৰাজ্য জুৰি তাই আহোম সকলৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফি পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন কৰা হয়। অসম জাতীয় পৰিষদৰ উদ্যোগত চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত নাহৰতলি গাওঁৰ মডাম ফুকন সমন্বয় ক্ষেত্ৰত প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।