অসম চৰকাৰৰ বন বিভাগৰ বিশেষ নিৰ্দেশনা
নিউজ ডেস্ক,১১ ফ্ৰেব্ৰুৱাৰীঃ অসম চৰকাৰে বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত ঘোষণা কৰে যে-এতিয়াৰ পৰা বনাঞ্চলত নিৰ্মাণ হোৱা পথ প্ৰকল্পৰ বাবে কটা প্ৰতিটো গছৰ বাবে চৰকাৰে সেউজ আৱৰণ বৃদ্ধি কৰিবলৈ দহজোপা নতুন গছ ৰোপন কৰিব।
চৰকাৰে বহনক্ষম উন্নয়ণ নীতি ৰূপায়ন কৰি আন্তঃগাঁঠনি সম্প্ৰসাৰণৰ পাৰিপাৰ্শ্বিক প্ৰতিক্ৰিয়া হ্ৰাস কৰিবলৈ ক্ষতিপূৰণ বৃক্ষৰোপন নামৰ এক নতুন কাৰ্যসূচী আৰম্ভ কৰে।
সকলো বিভাগীয় বন কৰ্তৃপক্ষক ১.১০ গছ ৰোপনৰ দাবী চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।