Local, Vocal, Global

অসমৰ স্থানীয় কাজি নেমু লণ্ডনৰ বজাৰত

অসমৰ স্থানীয় কাজি নেমুৱে লণ্ডনৰ বজাৰ দখল কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। অসমৰ প্ৰত্যক বিধ ৰন্ধন প্ৰণালীৰ সৈতে ওত:প্রোতভাৱে জড়িত হৈ থকা কাজি নেমুৰ চৰৱত গৰমৰ দিনত সকলোৰে প্ৰিয়।
অসমৰ কাজি নেমু অতি ৰসাল আৰু অতি সুগন্ধিযুক্ত I পুৰঠ হোৱা পিছত হালধীয়া ৰঙৰ হৈ পৰে।বৰ্তমান কাজি নেমুৰ বৰ্ধিত জনপ্ৰিয়তাৰ বাবে লণ্ডনলৈ ৰপ্তানি কৰাৰ প্ৰস্তুতি চলোৱা হৈছে, কিয়নো অসমৰ এইবিধ নেমুৰ প্ৰজাতিয়ে বিদেশী বজাৰত অধিক নাম আৰু খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।
সেয়েহে, শীঘ্ৰেই ইয়াক ইউৰোপীয় বজাৰত অন্তৰ্ভুক্ত কৰিবলৈ গুৱাহাটীৰ পৰা লণ্ডনলৈ কাজি নেমু ৰপ্তানি কৰা হ’ব।