অসমৰ ভূমিত ফিচাৰী নিৰ্মাণ মিজোৰামৰ
কুনাল সেন,হাইলাকান্দি,২ ফ্ৰেব্ৰুৱাৰীঃ অসমৰ ভূমিত পুনৰ বেদখলৰ চেষ্টা মিজোৰামৰ। পুনৰ অসমৰ হাইলাকান্দি জিলা আৰু মিজোৰাম সীমান্তত মিজোৱে নিৰ্মাণ কৰিলে পথ।লগতে ফিচাৰী নিৰ্মাণ কৰাৰো তথ্য পোহৰলৈ আহিছে। হাইলাকান্দি জিলাৰ গল্লাছেড়া এলেকাত মিজোৱে শ শ গছ কাটি নিৰ্মাণ কৰিছে পথ আৰু ফিচাৰী।কিন্তু হাইলাকান্দি জিলাৰ আৰক্ষী প্ৰশাসন আৰু বন বিভাগ এই বিষয়ত নিমাত। অৱশেষত সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পিছতেই নিদ্ৰাভগ্ন হ’ল হাইলাকান্দি জিলা প্ৰশাসনৰ। আজি হাইলাকান্দি আৰক্ষী আৰু বনবিভাগৰ এটা দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ইপিনে এই বিষয়টোক লৈ ৰাজ্য চৰকাৰ তথা হাইলাকান্দি জিলা প্ৰশাসনৰ লেহেমীয়া নীতিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে স্থানীয় দল-সংগঠন