অসমীয়া সংগীত জগতত লতা মংগেশকাৰৰ অৱদান
নিউজ ডেস্ক,৬ ফ্ৰেব্ৰুৱাৰীঃ অৱসান ঘটিল ভাৰতীয় সংগীতৰ এক বৰ্ণিল অধ্যায়ৰ। সুৰৰ সম্ৰাজ্ঞী ভাৰতৰত্ন লতা মংগেশকাৰ আৰু নাই। ভাৰতীয় সংগীত জগতৰ এয়া এক অপূৰণীয় ক্ষতি। ৩৫ হাজাৰৰো অধিক গীতত বিভিন্ন ভাষাত কণ্ঠদান কৰা লতা মংগেশকাৰৰ অসমৰ লগতো আছিল এক বিশেষ সাংগীতিক সম্পৰ্ক। সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰৰ যুগলবন্দীত প্ৰাণ পাই উঠিছিল কেইবাটাও চিৰসেউজ অসমীয়া গীত।হেমন্ত মুখাৰ্জীৰ জৰিয়তে লতা মংগেশকাৰৰ সৈতে প্ৰথম যোগাযোগ হৈছিল সুধাকণ্ঠৰ সৈতে।সেই সূত্ৰে ভূপেন হাজৰিকাই নিৰ্মাণ কৰা এৰাবাটৰ সুৰ ছবিখনত লতা মংগেশকাৰে কণ্ঠ নিগৰাইছিল। তাৰোপৰি ‘জোনাকৰে ৰাতি’, ‘অসমীৰে মাটি’, ‘জিলিকি জিলিকি পৰে’ ‘মই অধাই জলধিৰ মাজলৈ’ শীৰ্ষক গীতটোৰ পৰা আদি কৰি ‘গোদাবৰী নৈৰে পৰা অসমী আইলৈ যাচো প্ৰণাম’ শীৰ্ষক গীতটোত কণ্ঠদান কৰিছিল তেঁও।