Local, Vocal, Global

অসমবাসীৰ বাবে সু-খবৰ, মুম্বাই ইণ্ডিয়ানছ দলত স্থান লাভ অসম কন্যা জিণ্টিমণিৰ

ডিজিটেল ডেস্ক-অসমবাসীৰ বাবে ভাল খবৰ। অ’মেন প্ৰিমিয়াৰ লীগ (WPL2023)ত অংশগ্ৰহন কৰি খেলাৰ সুযোগ লাভ কৰিলে অসম কন্যা জিণ্টিমণি কলিতাই। আজি অনুষ্ঠিত হোৱা নিলামত মুম্বাই ইণ্ডিয়ানছ দলে ক্ৰয় কৰে অসমৰ উদীয়মান ক্ৰিকেটাৰ জিণ্টিমণিয়ে। মঙলদৈৰ যুৱতী জিণ্টিমণি ১০ লাখ টকাৰ বিনিময়ত মুম্বাই ইণ্ডিয়ানছ দলৰ সৈতে চুক্তিবদ্ধ হৈছিল।মুম্বাই ইণ্ডিয়ানছ দলেও নিজ দললৈ আদৰণি জনাইছে জিণ্টিমণিক।সামাজিক মাধ্যমযোগে জিণ্টিমণিক শুভেচ্ছা জনাইছে মুম্বাই ইণ্ডিয়ানছেও।

জানিব পৰা মতে ভাল বলাৰৰূপে পৰিচিত জিণ্টিমণি কলিতাই মঙলদৈ ষ্টেডিয়ামত ক্ৰিকেট খেলাৰ অনুশীলনৰ অভ্যাস আৰম্ভ কৰিছিল। ক্ৰমান্বয়ে ভাল খেল প্ৰদর্শন কৰিবলৈ সক্ষম হৈছিল জিণ্টিমণিয়ে, যাৰ পৰিনতিত পৰৱৰ্তী সময়ত অসম দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল অসমৰ জিণ্টিমণি কলিতাই। আৰু পৰৱৰ্তী সময়ত মহিলা ভাৰতীয় B টীমত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল জিণ্টিমণি৷
আজি পুনৰ অ’মেন প্ৰিমিয়াৰ লীগত অংশগ্ৰহন কৰি অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে জিণ্টিমণি কলিতাই।
জিণ্টিমণিয়ে মুম্বাই ইণ্ডিয়ানছ দলত স্থান লাভ কৰাৰ পিছতেই বৰ্তমান এতিয়া মঙলদৈৰ ঘৰখনৰ লগতে অঞ্চলটোতে এক গৌৰৱময় পৰিৱেশে বিৰাজ কৰিছে।