অসমবাসীয়ে বিহু উদযাপন কৰা উচিত কিন্তু চান্দা সংগ্ৰহ কৰিব নোৱাৰিব-হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী,৫ ফ্ৰেব্ৰুৱাৰীঃ সৰস্বতী পূজা উপলক্ষ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত সাংস্কৃতিক অখণ্ডতা বজাই ৰখাৰ বাবে সংবাদ মাধ্যমৰ আগত কয় যে, ৰাজ্যত অনুষ্ঠিত হোৱা বিহু উদযাপনৰ বাবে ইচ্ছুক অনুদানৰ দ্বাৰা আয়োজন কৰিব লাগিব।
তেঁও ব্যৱসায়ী আৰু মাৰোৱাৰীৰ দৰে অনা-অসমীয়াৰ ওচৰলৈ গৈ বিহু আয়োজন কৰিবলৈ কোনোধৰণৰ চান্দা নুতুলিবলৈ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “যদি মাৰোৱাৰী সম্প্ৰদায়ে নিজে বিহু উৎসৱ আয়োজন কৰিবলৈ আৰম্ভ কৰে,তেন্তে আমাৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিব”।