অসমত ভয়ংকৰ অগ্নিকাণ্ড, ৯ খনকৈ দোকান ভস্মীভূত…

শুকুৰবাৰে অসমৰ হোজাই জিলাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড৷ যাৰ ফলত এজন লোক আঘাতপ্ৰাপ্ত হয় আৰু কমেও ৯খনকৈ দোকান ভস্মীভূত হয়।
এই ঘটনাটো হোজাই নিউ মাৰ্কেট এলেকাত সংঘটিত হৈছে ৷
জানিব পৰা মতে বজাৰৰ এখন মিঠাইৰ দোকানত প্ৰথমে জুই লাগিছিল তাৰপাছতেই গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত ওচৰৰ আন দোকানবোৰৰো অগ্নিভূত হৈ পৰে৷ ইতিমধ্যে আঘাতপ্ৰাপ্ত ব্যক্তিজনক ৰঘুবাংচী বুলি চিনাক্ত কৰা হৈছে তেওঁ গুৰুতৰভাৱে দগ্ধ হৈছে বুলিও জানিব পৰা গৈছে। আঘাতপ্ৰাপ্ত যুৱকজনক লগে লগে হোজাই হাজী আব্দুল মজিদ মেমমৰিয়েল হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় ৷বৰ্তমান তেওঁ চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পাছতেই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত আহি উপস্থিত হয় আৰু দীৰ্ঘসময়ৰ সংগ্ৰামৰ পিছত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ অগ্নি নিৰ্বাপক সক্ষম হয়।
বিষয়াসকলে জনোৱা মতে প্ৰাৰম্ভিক পৰিদৰ্শনৰ পিছত, জুই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি ধাৰণা কৰা হৈছে।