অভিনেতা চনু সুদ কোন প্ৰৱঞ্চকৰ পাকচক্ৰত

দুখীয়া লোকৰ সহায়ৰ বাবে সকলো সময়তে প্ৰস্তুত থকা চনু সুদ এতিয়া অত্যন্ত চিন্তিত ৷ শেহতীয়াকৈ এজন প্ৰৱঞ্চকে চনু সুদৰ নাম ব্যৱহাৰ কৰি গৃহ ঋণ আঁচনিৰ দ্বাৰা ধন উপাৰ্জন কৰিবলৈ চেষ্টা কৰিছিল ৷ ৪৭ বছৰীয়া অভিনেতা গৰাকীয়ে এনেধৰণৰ ঘটনাৰ পিছত এতিয়া হতাশাত ভূগিছে ৷ চনু সুদে নিজে কিছুদিন পূৰ্বে এনেধৰণৰ প্ৰৱঞ্চকৰ বলি হৈছে ৷ চনু সুদৰ নাম লৈ চনু সুদৰ পৰাই গৃহ ঋণৰ পঞ্জীয়নৰ বাবে মাচুল আদায় বিচাৰিছিল প্ৰৱঞ্চকে ৷ ইয়াৰ পিছত চনু সুদে নিজৰ পৰিচয় দাঙি ধৰে আৰু প্ৰৱঞ্চকসকলক এনেদৰে অসহায় লোকক নঠগিবলৈ সতৰ্ক কৰি দিয়ে ৷ লগতে আকৌ এবাৰ মহানুভৱতাৰ পৰিচয় দি চনু সুদে প্ৰৱঞ্চককাৰীক চাকৰিৰ প্ৰয়োজন হলে ব্যক্তিগতভাৱে তেওক লগ কৰিবলৈ কয় ৷
চনু সুদে কয় যে, এইটো প্ৰথন ঘটনা নহয়, তেওঁৰ নামত ভূৱা আঁচনিৰ এনে প্ৰৱঞ্চনা পূৰ্বতেও হৈছে ৷