Local, Vocal, Global

অঞ্চলৰ নাম সলনি কৰাৰ বাবে মুকলি কৰিব পৰ্টেল

নিউজ ডেস্ক,১৬ ফ্ৰেব্ৰুৱাৰীঃ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, চৰকাৰে ৰাজ্যৰখনৰ সকলো অঞ্চলসমূহৰ নাম সংশোধন ৰখাৰ উদ্দেশ্যে আবাসীসকলৰ বাবে এটা পৰ্টেল মুকলি কৰিব।
             মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এখন ঠাইৰ নামেই ইয়াৰ সংস্কৃতি,ঐতিহ্য আৰু সভ্যতাক প্ৰতিফলিত কৰিব। লগতে তেঁও কয় যে-কোনো ঠাইৰ নাম অপমানজনক হ’ব নালাগে আৰু যদিহে হয় তেন্তে সেই ঠাইৰ নাম সলনি কৰা হ’ব।
      তেঁও টুইটযোগে কয় যে, এটা নামৰ বহুত গাঁও বা চহৰ আছে। এই চহৰ বা গাঁওৰ নামে যাতে ইয়াৰ সংস্কৃতি, পৰম্পৰা আৰু সভ্যতাক প্ৰতিনিধিত্ব কৰা উচিত।